আমাৰ শাৰীৰিক আৰু আধ্যাত্মিক দুয়োটা জীৱনতে সদায় বহুতো পৰীক্ষা আৰু বাধা থাকে। অতীতত যেতিয়া ইস্ৰায়েলীসকলে মহাপৰীক্ষাৰ সন্মুখীন হৈছিল—পানী আৰু খাদ্য নথকা মৰুভূমি আৰু দৈত্যই বসবাস কৰা কনান দেশ, তেতিয়া যিহোচূৱা আৰু কালেবে কেৱল ঈশ্বৰৰ ওপৰত আশা ৰাখিছিল। তেওঁলোকৰ দৰে আমাকো অসুবিধাৰ মাজত ঈশ্বৰে আমাৰ বাবে মুকলি কৰি দিয়া আশাৰ দুৱাৰখন চাবলৈ বিশ্বাসৰ প্ৰয়োজন।
যেনেকৈ যীচুৰ পুনৰুত্থান আৰু স্বৰ্গাৰোহণৰ দ্বাৰা ঈশ্বৰে, যীচুৰ ক্ৰুচবিদ্ধতাত হতাশ হোৱা প্ৰথম মণ্ডলীৰ সন্তসকলৰ বাবে স্বৰ্গ-ৰাজ্যৰ আশাৰ দুৱাৰ মুকলি কৰিছিল, আৰু যেনেকৈ যীচুৱে গোটেই ৰাতি একো ধৰিব নোৱাৰা পিতৰক তেওঁৰ বাক্যত কাৰ্য্য কৰিলে ঘটা অলৌকিকতা দেখুৱাইছিল, ঠিক তেনেকৈ আজিও খ্ৰীষ্ট আনছাংহোংৰ বাক্য, “গোটেই জগতত শুভবাৰ্ত্তা প্ৰচাৰ কৰা হ’ব,” নিশ্চয় পূৰ্ণ হ’ব।
“হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা; আৰু মোৰ আয়ুসৰ পৰিমাণ কি, তাক মোক জানিবলৈ দিয়া; মই কেনে অলপ-দিনীয়া, তাক মোক জ্ঞাত কৰা। “হে প্ৰভু, তেনেহলে মই কিহলৈ অপেক্ষা কৰিম? মোৰ আশা তোমাতহে আছে।” গীতমালা ৩৯:৪–৭
কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব। আৰু সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগততে ঘোষণা কৰা হ’ব; তেতিয়াহে শেষ হ’ব। মথি ২৪:১৩–১৪
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy