কোৱা হয় যে, “মৰুভূমিৰ বালিত থকা সোণৰ হ্ৰদতকৈ এটা শীতল নিজৰা অধিক মূল্যবান, আৰু এটা হেৰুৱা ভেড়াৰ বাবে এজন ভেড়াৰখীয়া ল’ৰা আটাইতকৈ ধনী ৰজাতকৈও মহান।” একেদৰে, এই পৃথিৱীত যি মূল্যবান আৰু স্বৰ্গ-ৰাজ্যত যি মূল্যবান, সেই দুয়োটাৰ মাজত বহু পাৰ্থক্য আছে। পৃথিৱীৰ বহু লোকে যিবোৰ ধন-সম্পত্তি, সন্মান আৰু ক্ষমতাক মূল্য দিয়ে, সেইবোৰৰ স্বৰ্গ-ৰাজ্যত কোনো মূল্য নাই। সেইবাবেই প্ৰথম মণ্ডলীৰ সন্তসকলে তাড়নাৰ মাজতো স্বৰ্গ-ৰাজ্যৰ বাবে জীয়াই আছিল।
ঈশ্বৰৰ ৰাজ্যত আটাইতকৈ মূল্যৱান কামটো হ’ল ঈশ্বৰৰ বাক্যক কাৰ্যত পৰিণত কৰা। ঈশ্বৰৰ মণ্ডলীৰ সদস্যসকলে নতুন নিয়মৰ সত্যতাৰে এটা হেৰুৱা আত্মাকো বিচাৰে, ঈশ্বৰৰ এই বাক্যত বিশ্বাস কৰি যে তেওঁলোকে স্বৰ্গ-ৰাজ্যত ৰজা হিচাপে ৰাজত্ব কৰিব আৰু চিৰকাললৈ তৰাৰ দৰে জিলিকি থাকিব।
সেই সকলো বিশ্বাসত মৰিল; তেওঁবিলাকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল। ইব্ৰী ১১:১৩
যিবিলাক জ্ঞানী, তেওঁবিলাক আকাশৰ দীপ্তিৰ নিচিনাকৈ, আৰু যিবিলাকে অনেকক ধাৰ্ম্মিক কৰে, তেওঁবিলাক তৰাবোৰৰ নিচিনাকৈ চিৰকাল জিলিকি থাকিব। দানিয়েল ১২:৩
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy