যিহেতু ঈশ্বৰে কৈছে যে যিসকলে তেওঁক বিশ্বাস কৰে তেওঁলোকে পবিত্ৰ আত্মা পাব, গতিকে যিসকলে ইয়াক পাব বিচাৰে, তেওঁলোকে পিতৃৰ যুগত যিহোৱা ঈশ্বৰক, পুত্ৰৰ যুগত যীশুক, আৰু পবিত্ৰ আত্মাৰ যুগত আত্মা আৰু কন্যাৰূপে অহা খ্ৰীষ্ট আনছাংহোং আৰু মাতৃ ঈশ্বৰক বিশ্বাস কৰি তেওঁলোকৰ শিক্ষা পালন কৰিব লাগিব।
যিসকলে ঈশ্বৰৰ বাক্য আজ্ঞা পালনৰ দ্বাৰা সম্পন্ন কৰে, তেওঁলোকেই প্ৰকৃততে ঈশ্বৰক বিশ্বাস কৰা লোক। যেনেকৈ নোহ, অব্ৰাহাম, মোচি, যিহোচূৱা আৰু কালেবে ঈশ্বৰৰ বাক্য পালন কৰি আশীৰ্ব্বাদ পাইছিল, ঠিক তেনেকৈ আজিও ঈশ্বৰৰ বাক্য, অৰ্থাৎ বিশ্ৰাম-দিন আৰু নিস্তাৰ-পৰ্ব্ব পালন কৰা বিশ্বাসী লোকসকলে আশীৰ্ব্বাদ পাব।
যি জন ঈশ্বৰৰ লোক, তেওঁ ঈশ্বৰৰ কথা শুনে। আপোনালোকে সেই বাবেই নুশুনে, কাৰণ আপোনালোক ঈশ্বৰৰ লোক নহয়।” যোহন ৮:৪৭
আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰে আৰু তেওঁৰ পথত চলে, তেন্তে যিহোৱাই আপোনালোকৰ আগত শপত কৰাৰ দৰে, আপোনালোকক নিজৰ এক পবিত্ৰ প্ৰজা হিচাবে স্থিৰ কৰিব। তাতে, পৃথিবীত থকা সকলো জাতিবোৰে দেখা পাব যে, যিহোৱাৰ নামেই আপোনালোকৰ পৰিচয় আৰু তেওঁলোকে আপোনালোকক ভয় কৰি চলিব। দ্বিতীয় বিবৰণ ২৮:৯–১০
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy